ৰাগঃ ভাটিয়ালী
ধ্ৰুং।। মোৰ পতিত-পাৱন প্ৰভু হৰি! হৰৰে বাপ
কিনা গতি হৈল হামাৰে।
দুৰ্ল্লভ লভিয়া পুনু ভাৰতে মানৱী তনু নাম লৈতে
না পাৰো তোমাৰে।।
পদ।। স্থাবৰ জঙ্গম যত কীট পশু পতঙ্গত
জনমিলো কত নাহি সীমা।
চতুৰাশী নৰকত পাইলো দুঃখ নানা মত
না জানিয়া তোমাৰ মহিমা।।
জানো ভৈল তুৱা দায়া ভাতেসে মানৱী কায়া
পাইলে, তাৰে বিড়ম্বিল বিধি।
কিনো মঞি বুদ্ধি-নাশা বিষয় কাচেৰ আশা
হাততে হৰাইলোঁ নৱনিধি।।
কিনা ভৈল বিয়া মোহ আচৰিলোঁ তুৱা দ্ৰোহ
ইসে মোৰ পাইল বৰ দুঃখে।
তুৱা ভকতৰ পদ ৰেণু সেৱা নকৰিলোঁ
তুৱা নাম নলৈলোহোঁ মুখে।।
বয়স গোঞাঁইলো হেলে তুৱা ভকতৰ মেলে
তুৱা কথা নুশুনিলোঁ কাণে।
ওহি অপৰাধে জানো নিয়া মোক যমৰায়
বৰ ৰাগে মাৰিবে পৰাণে।।
গুণিতে গুণিতে চিত্ত কৰিতে না পাৰোঁ থিত
কিনা গতি হৈবেক মৰণে।
তুৱা ভকতৰ বাণী শুনি মনে অনুমানি
তুৱা পদে পশিলোঁ শৰণে।।
কৰা কৃপা কৃপাময় সদায়ে যিমতে ৰয়
তুৱা নাম সন্তৰ সঙ্গতি।
ন কৰিয়ো মোৰে নাশ ভৈলোহো দাসৰ দাস
কহয় মাধৱ মূঢ় মতি।।
ধ্ৰুং।। মোৰ পতিত-পাৱন প্ৰভু হৰি! হৰৰে বাপ
কিনা গতি হৈল হামাৰে।
দুৰ্ল্লভ লভিয়া পুনু ভাৰতে মানৱী তনু নাম লৈতে
না পাৰো তোমাৰে।।
পদ।। স্থাবৰ জঙ্গম যত কীট পশু পতঙ্গত
জনমিলো কত নাহি সীমা।
চতুৰাশী নৰকত পাইলো দুঃখ নানা মত
না জানিয়া তোমাৰ মহিমা।।
জানো ভৈল তুৱা দায়া ভাতেসে মানৱী কায়া
পাইলে, তাৰে বিড়ম্বিল বিধি।
কিনো মঞি বুদ্ধি-নাশা বিষয় কাচেৰ আশা
হাততে হৰাইলোঁ নৱনিধি।।
কিনা ভৈল বিয়া মোহ আচৰিলোঁ তুৱা দ্ৰোহ
ইসে মোৰ পাইল বৰ দুঃখে।
তুৱা ভকতৰ পদ ৰেণু সেৱা নকৰিলোঁ
তুৱা নাম নলৈলোহোঁ মুখে।।
বয়স গোঞাঁইলো হেলে তুৱা ভকতৰ মেলে
তুৱা কথা নুশুনিলোঁ কাণে।
ওহি অপৰাধে জানো নিয়া মোক যমৰায়
বৰ ৰাগে মাৰিবে পৰাণে।।
গুণিতে গুণিতে চিত্ত কৰিতে না পাৰোঁ থিত
কিনা গতি হৈবেক মৰণে।
তুৱা ভকতৰ বাণী শুনি মনে অনুমানি
তুৱা পদে পশিলোঁ শৰণে।।
কৰা কৃপা কৃপাময় সদায়ে যিমতে ৰয়
তুৱা নাম সন্তৰ সঙ্গতি।
ন কৰিয়ো মোৰে নাশ ভৈলোহো দাসৰ দাস
কহয় মাধৱ মূঢ় মতি।।
No comments:
Post a Comment