ৰাগঃ ভাটিয়ালী
ধ্ৰুং।। মোকে কিনা গতি দিলে গোপাল! তুমি অগতিৰ গতি।
এ ভৱ-ভঞ্জন তোমাৰ চৰণ সেৱিতে নকৰো ৰতি।।
পদ।। আগম পুৰাণ শুনি যত খান
তোমা বিনে নাহি কয়ি।
তোমাৰ চৰণ কৈলে সুমৰণ
ভৱ নিবাৰণ হোই।।
এতেকে জানিয়া মই মতি-পামৰ
নাসেৱো তোমাৰ পাৱ।
এ ভৱ-সাগৰে মজিলোঁ পামৰে
তৰায়া শালৰ নাৱ।।
দূৰিত সাঞ্চিলোঁ আপোন বঞ্চিলোঁ
নাশিলোঁ নমেৰ সঙ্গে।
অমিয়া বুলিয়া বিষয় গৰল
মই পাপী ভক্ষিলোঁ ৰঙ্গে।।
তোমাৰ ভকতি অমিয়া মাধুৰী
তাৰো নাকৈলোঁ আশা।
জানিলোঁ যমৰ যাতনা ভূঞ্জিয়া
নাশিলোঁ এ বুদ্ধি-নাশা।।
তুমি প্ৰিয়তম আতমা পৰম
সুহৃদ এ নিজ-দেৱ।
শাসন নাশন কাৰণ আৱৰ
তোমা বিনে নাহি কেৱ।।
জানিয়া তোমাৰ অভয় অৰুণ
চৰণে শৰণ লৈলোঁঁ।
কহয় মাধৱ তোহ্মাৰ দাসৰ
দাস অনুদাস ভৈলোঁঁ।।
ধ্ৰুং।। মোকে কিনা গতি দিলে গোপাল! তুমি অগতিৰ গতি।
এ ভৱ-ভঞ্জন তোমাৰ চৰণ সেৱিতে নকৰো ৰতি।।
পদ।। আগম পুৰাণ শুনি যত খান
তোমা বিনে নাহি কয়ি।
তোমাৰ চৰণ কৈলে সুমৰণ
ভৱ নিবাৰণ হোই।।
এতেকে জানিয়া মই মতি-পামৰ
নাসেৱো তোমাৰ পাৱ।
এ ভৱ-সাগৰে মজিলোঁ পামৰে
তৰায়া শালৰ নাৱ।।
দূৰিত সাঞ্চিলোঁ আপোন বঞ্চিলোঁ
নাশিলোঁ নমেৰ সঙ্গে।
অমিয়া বুলিয়া বিষয় গৰল
মই পাপী ভক্ষিলোঁ ৰঙ্গে।।
তোমাৰ ভকতি অমিয়া মাধুৰী
তাৰো নাকৈলোঁ আশা।
জানিলোঁ যমৰ যাতনা ভূঞ্জিয়া
নাশিলোঁ এ বুদ্ধি-নাশা।।
তুমি প্ৰিয়তম আতমা পৰম
সুহৃদ এ নিজ-দেৱ।
শাসন নাশন কাৰণ আৱৰ
তোমা বিনে নাহি কেৱ।।
জানিয়া তোমাৰ অভয় অৰুণ
চৰণে শৰণ লৈলোঁঁ।
কহয় মাধৱ তোহ্মাৰ দাসৰ
দাস অনুদাস ভৈলোঁঁ।।
No comments:
Post a Comment