ৰাগঃ ভাটিয়ালী
ধ্ৰুং।। গোপাল খেলায় কদম্ব-তলে।
ভুৱন-মোহন মূৰুতি-মধুৰ, মদন জিনিয়া জ্বলে।।
পদ।। তনু নৱ-ঘন দলিত অঞ্জন
জিনিয়া অতি বিৰাজে।
ৰতন ভূষণ কেয়ূৰ কঙ্কণ
কটিত কিঙ্কিণী বাজে।।
কৰিয়া সুবেশ বান্ধি আছে কেশ
টালনি কৰিয়া জুড়া।
চৌভিতি বেঢ়িয়া মণি মুকুতাৰ
মালা, ময়ূৰৰ চূড়া।।
হাসিয়া খেলায় বোলান বোলায়
অমিয়া যেন বৰিষে।
নূপুৰ ঝনকে বাজয় ঠমকে
চলয় মন-হৰিষে।।
নেতেৰ আঞ্চল কৰে ঝলমল
গাৱে পৰিমল বাসে।
ওহি ৰূপে মন মজোক হামাৰ
কহয় মাধৱ দাসে।।
ধ্ৰুং।। গোপাল খেলায় কদম্ব-তলে।
ভুৱন-মোহন মূৰুতি-মধুৰ, মদন জিনিয়া জ্বলে।।
পদ।। তনু নৱ-ঘন দলিত অঞ্জন
জিনিয়া অতি বিৰাজে।
ৰতন ভূষণ কেয়ূৰ কঙ্কণ
কটিত কিঙ্কিণী বাজে।।
কৰিয়া সুবেশ বান্ধি আছে কেশ
টালনি কৰিয়া জুড়া।
চৌভিতি বেঢ়িয়া মণি মুকুতাৰ
মালা, ময়ূৰৰ চূড়া।।
হাসিয়া খেলায় বোলান বোলায়
অমিয়া যেন বৰিষে।
নূপুৰ ঝনকে বাজয় ঠমকে
চলয় মন-হৰিষে।।
নেতেৰ আঞ্চল কৰে ঝলমল
গাৱে পৰিমল বাসে।
ওহি ৰূপে মন মজোক হামাৰ
কহয় মাধৱ দাসে।।
No comments:
Post a Comment