Sunday, June 1, 2014

কদম্বতলে সোই শ্যামল সাজে

ৰাগঃ তুৰ ভাটিয়ালী

ধ্ৰুং।। কদম্বতলে সোই শ্যামল সাজে।
          বয়ন হেৰি চান্দ সূৰুয লাজে।।

পদ।। নীলম কুন্তলে বান্ধি আছে জুড়া।
          চৌভিতি লোলে ময়ূৰ পুচ্ছেৰ চূড়া।।

          মালতী মালা চাৰু শোভিত মাথে।
          গেন্দুৱা লুম্ফি লুম্ফি ধৰয় হাতে।।

          বলাইৰ হাতেৰ খসি গেন্দুৱা পৰে।
          হাসিৰ খলখলি অধিক চৰে।।

          পানীৰে যাইতে সই দেখেলো গিয়া।
          কৌতুকে হিন্দোল পাৰে হামাৰ হিয়া।।

           অমিয়া ঝুৰে ধাৰে কানাইৰ ভাৱে।
           কতনা মাধুৰী আছে কলীয়া গাৱে।।

           হামাৰ কৰ্ম্মেৰ ফলে মিলাইবো বিধি।
           কহয় মাধৱ হৰি প্ৰেম ৰস নিধি।।

No comments:

Post a Comment