Sunday, June 8, 2014

অন্ন ভোজনে আজি বৰি পৰমাদ ভেল

ৰাগঃ শ্ৰী

ধ্ৰুং।। অন্ন ভোজনে আজি বৰি পৰমাদ ভেল।
          মোৰ ভায়া সব কাহেক গেল।।

পদ।। ন পাইলোঁ ভায়াৰ উদিশ।
         আজু ভায়া গেল কোন দিশ।।

         নদী-নদ বিচাৰিলো পৰ্ব্বত নিজৰা।
         গহন কাননে হামু ফিৰো একেশ্বৰা।।

         উপৰে উৰয় পাখী তাৰে পুছে কানু।
         এ পন্থে দেখিলা যাইতে হামাৰি বৎস ধেনু।।

         প্ৰাণ ভাই বলৰাম সঙ্গে নাহি মোৰে।
         বাচৰু হৰায়া হামু ফিৰো একেশ্বৰে।।

         গোকুল যাইতে হামু কি বুলিবো আজি।
         নন্দ যশোদা মোৰে মাৰিব গৰজি।।

         বৃন্দাবন মাজে কৃষ্ণ বসিলা আসনে।
         ব্ৰহ্মাই কৰিলা চুৰি জানিলা ধিয়ানে।।

         কহয় মাধৱ দাস আতি শিশুমতি।
         পৰম আকুল ভৈলা গোপ শিশুপ্ৰতি।।

No comments:

Post a Comment