Sunday, June 1, 2014

গোৱিন্দ চলয়ে বিৰিন্দাবনে গোপশিশু সঙ্গে

ৰাগঃ শ্যাম

ধ্ৰুং।। গোৱিন্দ চলয়ে বিৰিন্দাবনে গোপশিশু সঙ্গে।
           বজাৱে মোহন বেণু ধেনু ধাৱে ৰঙ্গে।।

পদ।। সকল বালক মাজে কানাই সুন্দৰ।
          ভুৱন মোহন শ্যাম ৰূপ মনোহৰ।।

          গগণ মণ্ডল পূৰে শিঙা বেণু ৰোলে।
          আভীৰ বালকে বেঢ়ি জয়হৰি বোলে।।

          উচ্চায়া পাঞ্চনী ধায় বৎস পুচ্ছ ধৰি।
          কেহো বোলে ৰাম কেহো বোলে জয়হৰি।।

          কেহো গায় কেহো বায় কেহো নাচে হাসে।
          ত্ৰিভুৱন জিনি বৃন্দাবন পৰকাশে।।

          বেদ শিৰোমণি যাৰ চৰণ বিৰাজে।
          সোহি প্ৰভু গোপ ৰূপে বালকেৰ মাজে।।

          ভকতবৎসল হৰি বিনে নাই কোই।
          কহয় মাধৱ ৰঙ্গাপদে গতি মোই।। 

No comments:

Post a Comment