Thursday, June 5, 2014

পৰভাতে শ্যাম কানু ধেনু লৈয়া সঙ্গে

ৰাগঃ শ্যাম

ধ্ৰুং।। পৰভাতে শ্যাম কানু ধেনু লৈয়া সঙ্গে।
          বাঁশীৰ নিসানে বৃন্দাবনে চলে ৰঙ্গে।।

পদ।। জগতৰ গুৰু হৰি কাছি গোপ কাছে।
          আভীৰ বালক বেঢ়ি চলে আগে পাছে।।

          শিকা বান্ধি চান্দি কান্ধে লৈয়া দধি ভাত।
          মাথায়ে চান্দনী জড়ি সাজে জগন্নাথ।।

          বাম কাষে শিঙা বেত নেতকৰ চেলি।
          বহু ৰসে লাস বেশ কৰি চলে কেলি।।

          অসংখ্য-সহস্ৰ শিশু ধেনু বৎসগণ।
          শিঙা-শঙ্খ বেণু ৰৱে পূৰয় গগণ।।

          নানান খেলান খেলে বহু ভাৱে গাৱে।
          নানান বিনোদ ৰসে ভুৱন ভুলাৱে।।

          বৈকুণ্ঠৰ পতি প্ৰভু বনে চাৰে ধেনু।
          কহয় মাধৱ গতি কানু-পদ-ৰেণু।।

No comments:

Post a Comment