Tuesday, May 6, 2014

প্ৰাণ গোপাল তোমাৰ বিনোদ হৰি জানিব কমনে

ৰাগঃ তুৰবসন্ত

ধ্ৰুং।। প্ৰাণ গোপাল তোমাৰ বিনোদ হৰি জানিব কমনে।
          বৈকুণ্ঠ তেজিয়া কেলি কৰা বৃন্দাবনে।।

পদ।। সদায়ে ৰমন যাৰ নিজানন্দ সুখে।
          সো হৰি বিৰিন্দাবনে ফুৰা কোন দুঃখে।।

          ব্ৰহ্মা হৰে সেৱে যাৰ চৰণৰ ৰেণু।
          কোন সুখে তুমি প্ৰভো চাৰি ফুৰা ধেনু।।

          যো তুমি অনন্ত কোটি ব্ৰহ্মাণ্ডেৰ পতি।
          কোন লাভে লৈলা গোপ শিশুৰ সঙ্গতি।।

           সৃষ্টি স্থিতি প্ৰলয় কটাক্ষে মিলে যাৰ।
           ই কোন বড়াই তুমি হৰা ভূমিভাৰ।।

           তপ জপ যাগ যোগে যি গতি নপাৱে।
           সি গতি লভিল সেৱি কাম দ্বেষ ভাৱে।।

           কৃপাৰ সাগৰ প্ৰভো তুমি হৃষিকেশ।
           মাগয় মাধৱে তুৱা পাৱে কৃপা লেশ।।

No comments:

Post a Comment