Friday, May 9, 2014

কানু বায় নাচত ৰঙ্গে সঙ্গে ব্ৰজ ছৱালৰে

ৰাগঃ নটমল্লাৰ

ধ্ৰুং।। কানু বায় নাচত ৰঙ্গে সঙ্গে ব্ৰজ ছৱালৰে।
          গগণে গন্ধৰ্বগণে গাৱত বাৱত তালৰে।।

পদ।। ঝণকে কিঙ্কিণী বাজে সাজে নট-বিলাসেৰে।
          ঠমকে ঠমকে ঢলে অমিয়া মাধুৰী হাসেৰে।।

          চৰণে মঞ্জীৰ ঝুৰে উৰে হাৰ দোলনাৰে।
          চন্দনে লেপিত ভুজ দোলত ভ্ৰুৱ চালনাৰে।।

          ৰতন ভূষণ চাৰু শ্যামল অঙ্গ শোহাৱেৰে।
          কহয় মাধৱ গতি নন্দ নন্দন পাৱেৰে।।

No comments:

Post a Comment