Saturday, May 10, 2014

আলো সই! দেখো সই! বিহাৰে চলিয়া আছে কানু

ৰাগঃ মল্লাৰ

ধ্ৰুং।। আলো সই! দেখো সই! বিহাৰে চলিয়া আছে কানু।
          শ্যাম তনু শোহে জিনি কোটি কোটি ভানু।।

পদ।। আভীৰ বালক পাছে আগে চলে ধেনু।
          সুচান্দ বয়নে বায় সুমধুৰ বেণু।।

          অৰুণ অপাঙ্গে চায় মধুৰ হাসিয়া।
          বাঁশীৰ স্বৰে ঝুৰে ধাৰে সুৰস অমিয়া।।

          কোটি গজৰাজ জিনি চলে ধীৰে ধীৰে।
          কতনা মাধুৰী আছে কালিয়া শৰীৰে।।

          চৌভিত বালক ঢল জয় জয় বোলে।
          কানাইৰ কৌতুক ৰঙ্গে হৃদয় হিন্দোলে।।

          শ্যাম সুমধুৰ কোন বিধি নিৰমিল।
          দেখি লাজে হৃদি মাজে কাম লুকি দিন।।

           কহয় মাধৱ শুন গোৱালীৰ ঝীৰ।
           ওহি শ্যাম গুণনিধি জগতেৰ জীৱ।।

No comments:

Post a Comment