Saturday, May 3, 2014

মোকে ইবাৰ কৰুণা কৰা নাৰায়ণ কৰুণা-সাগৰ স্বামী

ৰাগঃ ভাটিয়ালী

ধ্ৰুং।। মোকে ইবাৰ কৰুণা কৰা নাৰায়ণ কৰুণা-সাগৰ স্বামী।
          তোমাৰ অভয়-চৰণে শৰণ আশা কৰি আছোঁ আমি।।

পদ।। সনত-কুমাৰ, নাৰদ, অনন্ত, শঙ্কৰ, শুক, সনন্দে।
          তোমাৰ অৰুণ চৰণ পঙ্কজে সেৱন্ত কত প্ৰৱন্ধে।।

          তাসম্বাক দেখি তোমাৰ চৰণ সেৱিবাক কৰোঁ আশা।
          সিংহৰ গতিক ক্ষুদ্ৰ মূষ হুৱা ইচ্ছা কৰোঁ মতি-নাশা।।

          ঘোৰ দুৰাচাৰ ভকতৰে নষ্ট নাহি বুলি আছা বাণী।
          মই দুৰাচাৰ তোমাক ভজিতে আশা কৰোঁ তাকে জানি।।

          তুমি সত্যব্ৰত আপোনাৰ নিজ বচনক সত্য কৰা।
          তোমাৰ দাসৰো দাসৰ কিঙ্কৰ বুলি মোক প্ৰভু ধৰা।।

          তোহ্মাৰ অনাদি-অবিদ্যা তিমিৰে অন্ধ কৰি আছে মোৰে।
          তোহ্মাক নাজানি দেহক 'মঞি' বুলি মজিলোঁ এ দুঃখ ঘোৰে।।

          সন্তৰ সঙ্গতি, তযু গুণ নাম পৰম প্ৰসাদ দিয়া।
          কহয় মাধৱ ইবাৰ গোবিন্দ! দাস কৰি মোক নিয়া।।

No comments:

Post a Comment