Wednesday, May 7, 2014

ভাই দেখো পৰমানন্দ পৰম সাদৰে

ৰাগঃ সিন্ধুৰা

ধ্ৰুং।। ভাই দেখো পৰমানন্দ পৰম সাদৰে।
          বৈকুণ্ঠেৰ পতি বৃন্দাবন কেলি কৰে।।

পদ।। কহিতে বিস্ময় বিপৰীত শুনিবাৰ।
          কোথা শুনি আছ ভাই ব্ৰহ্মেৰ বিহাৰ।।

          অনুমানে কহে যাক সকল নিগমে।
          সোহি হৰি কেলি কৰে গোপ-শিশুসমে।।

          নিত্য-শুদ্ধ নিৰঞ্জন নিৰাকাৰ।
          শুনিতে কৌতুক বড় তাঁহেৰ বিহাৰ।।

          যিটো জগতৰ অন্তৰ্য্যামি সৰ্ব্ব-সাখী।
          তাঁহেৰ ভূষণ গুঞ্জা গেৰু মৈৰা পাখী।।

          যাহাৰ প্ৰকাশে চৰাচৰ প্ৰকাশয়।
          গোপ বেশে কাছে দেখ সেহি কৃপাময়।।

          আত্মাৰ বিনোদ শুনিবাৰ বিপৰীত।
          হৰি-পদে মজি ৰহু মাধৱৰ চিত।।

No comments:

Post a Comment