Saturday, October 4, 2014

যশোৱা পুছয় পথিকজনে আকুলিত মনে

ৰাগঃ শ্ৰী

ধ্ৰুং।। যশোৱা পুছয় পথিকজনে আকুলিত মনে।
          হামাৰি বালক কেবা দেখলা নয়নে।।

পদ।। ভণ্টা খেলাইতে শ্ৰমজলে শোহে মুখ।
          সুন্দৰ বদন নিৰেখিতে মিলে সুখ।।

          কুবলয়-দল জিনি শোহে শ্যাম তনু।
          পথে পথে যশোৱা পুছয় পুনু পুনু।।

          বিহানে বজাইল খেড়ি খেলাইবাৰ তৰে।
          ভৈ গৈল বিয়াল পুতা এভো নাইল ঘৰে।।

          যমুনাৰ তীৰে তীৰে ফিৰে নন্দ-জায়া।
          ভৈলা অচেতন সতী পুত্ৰক নাপায়া।। 

          নয়নে নিগৰে নীৰ কান্দে যশোমতী।
          কাহেঁ গৈলে পাইবো লাগ পুতা যদুপতি।।

          ধৰণী লুটিয়া মুৰুচিত ভৈয়ো মাই।
          কহয় মাধৱ হৰি বিনে গতি নাই।।   

Friday, October 3, 2014

গোৱৰিণী কৈছন কলঙ্ক হামাৰি

ৰাগঃ বেলোৱাৰ

ধ্ৰুং।। গোৱৰিণী কৈছন কলঙ্ক হামাৰি।
          ৰাজ মাৰগ মহ ফিৰত বালক সব।
                                 কাহেক চোৰ গৱাঁৰি।।

পদ।। আঞ্চোৰে ধৰি আৱ আৱ বুলি টানহি বাৰহি বাৰা।
          মাৱকু আগু অজু নিয়া ভেটব বুঝ তুহু বাত হামাৰা।।

          হামাকু চোৰ বোলসি তুহু ঢাণ্ডী আপোনহি দধি দুগ্ধ খাই।
          গোৱাৰী ছোড়য় যব হৰি ছোৰয়ে নাহি মাধৱ এহু ৰস গাই।।   

আজু কাহা যাসি বোলয় গোৱালী

ৰাগঃ আশোৱাৰী

ধ্ৰুং।। আজু কাহা যাসি বোলয় গোৱালী।
          পেখিয়ে আখি তৰল বনমালী।।

পদ।। দ্বাৰ বেঢ়ল গোপী বাহু পসাৰি।
          লৱণু চুৰি কৈছে কৰসি মুৰাৰি।।
          
          ঘৰ মহ চোৰ গোৱাৰী ঘন ডাকে।
          পাৰাক গোৱাৰী আৱল সৱ জাকে।।
 

          ধৰল সৱহি মিলি হৰিক চোৰ।
          মাধৱ কহ গতি গোৱিন্দ মোৰ।।  

দেখত ৰে হৰি গোপিনী মেলা

ৰাগঃ বসন্ত

ধ্ৰুং।। দেখত ৰে হৰি গোপিনী মেলা।
          কৰত চোৰ-চাতুৰী ৰস খেলা।।

পদ।। পৰমানন্দ লীলা পৰকাশি।
          বহুৰসে ৰঙ্গল গোকুল-বাসী।।

          সব ৰস-সাগৰ নন্দকু-লাল।
          কহয় মাধৱ গতি মুকুতি গোপাল।।  

আলো শুন গোৱালেৰ জায়া বোলয় গোপালে

ৰাগঃ ভাটিয়ালী

ধ্ৰুং।। আলো শুন গোৱালেৰ জায়া বোলয় গোপালে।
               হামাৰ গাৱে ধূলা দিল তোমাৰ ছৱালে।।

পদ।। কোনো কালে কাৰো হামি বোলো নাহি তই।
          একখানি বস্তু পাইলে বাটিয়া খাওঁ মই।।

          মাগিয়া আনো দধি দুগ্ধ তাৰো বণ্টা খায়।
          তথাপি তোমাৰ ছৱালে ধূলা দিল গায়।।

          তোমাৰ ছৱাল লৈয়া আমি মাৱৰ আগে যাইবো।
          পৰৰ দোষে কেনে আমি আপুনি মাৰণ খাইবো।।

          তুমি সব ভাল জানা আমাৰ মায়েৰ কথা।
          শুনিয়া গোপীৰ বৰ লাগি গৈল বেথা।।

          ধূলা ঝাড়ি ঝুৰিয়া বুলিলা প্ৰিয় বাণী।
          দধি দুগ্ধ লৱণু খাইবাৰ দিলা আনি।।

          বুন্দা কৰি আনন্দে ভুঞ্জিলা পেট ভৰি।
          কহয় মাধৱ ওহি হৰিৰ চাতুৰী।।

নন্দেৰ নন্দন গোপিনী আগে

ৰাগঃ কামোদ

ধ্ৰুং।। নন্দেৰ নন্দন গোপিনী আগে।
          কৰ পাতি হৰি লৱণু মাগে।।

পদ।। বোলত বাণী গোৱাৰীক চায়া।
          নবীন লৱণু দেহ গোপ-জায়া।।

          যো হৰি দাতা পদাৰথ চাৰি।
          মাগত লৱণু সোহি মুৰাৰি।।

          শিৱ বিৰিঞ্চি কৰু যাক সেৱা।
          লৱণু মাগি ফিৰত সোহি দেৱা।।

          সনক সনাতন যাকু ধিয়াই।
          সোহি লৱণু মাগে গোপিনীক ঠাই।।

          অভয় দান কৰু যোহি হাতে।
          গোপিনীক আগে সোহি কৰ পাতে।।

          মুকুতি মিলাৱত যাকেৰি নামে।
          মাগয় লৱণু গোৱাৰীক ঠামে।।

          যোহি ঠিক নিজানন্দ সুখে।
          সোহি লৱণু মাগয় কোন দুখে।।

          কৰত ভকতি হৰিকো অধীনা।
          ওহি ৰস গাৱত মাধৱ দীনা।।  

নাচতু গোৱিন্দ গোপিনী আগে

ৰাগঃ আশোৱাৰী

ধ্ৰুং।। নাচতু গোৱিন্দ গোপিনী আগে।
          কৰ পাতি পাতি লৱণু মাগে।।

পদ।। যো কৰ-কমল ভকত ভয়হাৰী।
          সোহি কৰ পাতি মাগে লৱণু মুৰাৰি।।

          গোৱালী বোলয় নীচু নাচ গোপালা।
          তব তোই লৱণু দেৱব হামু ভালা।।

          লৱণু আশে লাসে গোৱিন্দ নাচে।
          কৰ ভৰি লৱণু গোৱিন্দক যাচে।।

          লৱণু খায়া নাচে কানাই।
          আনন্দে গোপিনী তাল বজাই।।

          যো হৰি এ তিনি ভুৱন অধিকাৰী।
          গোকুল মাজে সোহি লৱণু ভিখাৰী।।

          ভকতি অধীন হৰি দীন দয়াল।
          কহয় মাধৱ গতি বাল গোপাল।।