Friday, April 4, 2014

কানাই কিনা ৰূপসিয়া

ৰাগঃ বৰাড়ী

ধ্ৰুং।। কানাই কিনা ৰূপসিয়া।
          গোপীৰ হৰিল মন মুচুকি হাসিয়া।।

পদ।। কানাইৰ দেখিয়া ৰূপ হৰিল সুৰতি।
         অপমানে মনমথে নধৰে মূৰুতি।।

         কানাইৰ দেখিয়া ৰূপ মনত বিকলে।
         পূৰ্ণ শশী থিৰ নোহে গগণ মণ্ডলে।।

         কানাইৰ দেখিয়া দুই নয়ন উজ্জ্বল।
         ঝাম্প দিয়া জল মাজে ৰহিল কমল।।

         কানাইৰ দেখিয়া ৰূপ আতি মন লাজে।
         মদন লুকায়া ৰৈল হৃদয়ৰ মাজে।।

         কানাইৰ ৰূপৰ উপমাৰ কেৱা ক্ষেম।
         এক পুঞ্জ হুৱা আছে গোপিনীৰ প্ৰেম।।

         সকল জগতে বোলে কানাই কলিয়া।
         কালা নোহে শ্যাম ৰূপ ধৰিছে অমিয়া।।

         অনেক যতনে বিধি চাইল মনে গণি।
         আপোন ৰূপেৰ কানু উপমা আপুনি।।

         কানাইৰ দেখিয়া ৰূপ মোহে ত্ৰিভূৱন।
         কহয় মাধৱ গতি নন্দেৰ নন্দন।।

No comments:

Post a Comment