Friday, April 25, 2014

হৰি হেৰোৰে বাপ পশিলোঁ শৰণে

ৰাগঃ বসন্ত

ধ্ৰুং।। হৰি হেৰোৰে বাপ পশিলোঁ শৰণে।
          নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।।

পদ।। সনক সনন্দ যোগী যাহাকু ধিয়াই।
          সকল নিগমে যাক বিচাৰি নাপাই।।

          সহস্ৰ-বয়নে যাৰ নাপাৱন্ত সীমা।
          অধমে জানিবোঁ কেনে তোমাৰ মহিমা।।

          আতুৰ ভৈলোহোঁ বৰ বিষয়-বিকলে।
          কৰিয়ো উদ্ধাৰ মোক চৰণ-কমলে।।

          তোমাৰ চৰণ দুই মোৰ মহাধন।
          ভকত জনৰ নিজ তুমি সে জীৱন।।

          কৃপাৰ সাগৰ কৃপা কৰা একবাৰ।
          কাতৰ কৰিয়া লৈলোঁ শৰণ তোমাৰ।।

          কৃপা কৰা নাৰায়ণ ছেৰ মোহ পাশ।
          কহয় মাধৱ হৰি দাসকু দাস।।

No comments:

Post a Comment