Saturday, April 26, 2014

প্ৰাণেৰ গোপীনাথ গোহাৰি কৰহু তুৱা পাৱে

ৰাগঃ সুহাই

ধ্ৰুং।। প্ৰাণেৰ গোপীনাথ গোহাৰি কৰহু তুৱা পাৱে।
          সেৱক বুলিয়া কৰু দয়াৰে।।

পদ।। মৰিয়ো বিষয়-বিষ পানে।
          ভকতি-অমিয়া মাগোঁ দানে।।

          অজ্ঞান তিমিৰে ভৈলোহুঁ অন্ধ।
          ছোৰ প্ৰভো ওহি মোহ বন্ধ।।

          কহয় মাধৱ দাস দীনে।
          প্ৰেম ভকতি ৰতি হীনে।।

No comments:

Post a Comment