Friday, October 3, 2014

আজু কাহা যাসি বোলয় গোৱালী

ৰাগঃ আশোৱাৰী

ধ্ৰুং।। আজু কাহা যাসি বোলয় গোৱালী।
          পেখিয়ে আখি তৰল বনমালী।।

পদ।। দ্বাৰ বেঢ়ল গোপী বাহু পসাৰি।
          লৱণু চুৰি কৈছে কৰসি মুৰাৰি।।
          
          ঘৰ মহ চোৰ গোৱাৰী ঘন ডাকে।
          পাৰাক গোৱাৰী আৱল সৱ জাকে।।
 

          ধৰল সৱহি মিলি হৰিক চোৰ।
          মাধৱ কহ গতি গোৱিন্দ মোৰ।।  

দেখত ৰে হৰি গোপিনী মেলা

ৰাগঃ বসন্ত

ধ্ৰুং।। দেখত ৰে হৰি গোপিনী মেলা।
          কৰত চোৰ-চাতুৰী ৰস খেলা।।

পদ।। পৰমানন্দ লীলা পৰকাশি।
          বহুৰসে ৰঙ্গল গোকুল-বাসী।।

          সব ৰস-সাগৰ নন্দকু-লাল।
          কহয় মাধৱ গতি মুকুতি গোপাল।।  

আলো শুন গোৱালেৰ জায়া বোলয় গোপালে

ৰাগঃ ভাটিয়ালী

ধ্ৰুং।। আলো শুন গোৱালেৰ জায়া বোলয় গোপালে।
               হামাৰ গাৱে ধূলা দিল তোমাৰ ছৱালে।।

পদ।। কোনো কালে কাৰো হামি বোলো নাহি তই।
          একখানি বস্তু পাইলে বাটিয়া খাওঁ মই।।

          মাগিয়া আনো দধি দুগ্ধ তাৰো বণ্টা খায়।
          তথাপি তোমাৰ ছৱালে ধূলা দিল গায়।।

          তোমাৰ ছৱাল লৈয়া আমি মাৱৰ আগে যাইবো।
          পৰৰ দোষে কেনে আমি আপুনি মাৰণ খাইবো।।

          তুমি সব ভাল জানা আমাৰ মায়েৰ কথা।
          শুনিয়া গোপীৰ বৰ লাগি গৈল বেথা।।

          ধূলা ঝাড়ি ঝুৰিয়া বুলিলা প্ৰিয় বাণী।
          দধি দুগ্ধ লৱণু খাইবাৰ দিলা আনি।।

          বুন্দা কৰি আনন্দে ভুঞ্জিলা পেট ভৰি।
          কহয় মাধৱ ওহি হৰিৰ চাতুৰী।।

নন্দেৰ নন্দন গোপিনী আগে

ৰাগঃ কামোদ

ধ্ৰুং।। নন্দেৰ নন্দন গোপিনী আগে।
          কৰ পাতি হৰি লৱণু মাগে।।

পদ।। বোলত বাণী গোৱাৰীক চায়া।
          নবীন লৱণু দেহ গোপ-জায়া।।

          যো হৰি দাতা পদাৰথ চাৰি।
          মাগত লৱণু সোহি মুৰাৰি।।

          শিৱ বিৰিঞ্চি কৰু যাক সেৱা।
          লৱণু মাগি ফিৰত সোহি দেৱা।।

          সনক সনাতন যাকু ধিয়াই।
          সোহি লৱণু মাগে গোপিনীক ঠাই।।

          অভয় দান কৰু যোহি হাতে।
          গোপিনীক আগে সোহি কৰ পাতে।।

          মুকুতি মিলাৱত যাকেৰি নামে।
          মাগয় লৱণু গোৱাৰীক ঠামে।।

          যোহি ঠিক নিজানন্দ সুখে।
          সোহি লৱণু মাগয় কোন দুখে।।

          কৰত ভকতি হৰিকো অধীনা।
          ওহি ৰস গাৱত মাধৱ দীনা।।  

নাচতু গোৱিন্দ গোপিনী আগে

ৰাগঃ আশোৱাৰী

ধ্ৰুং।। নাচতু গোৱিন্দ গোপিনী আগে।
          কৰ পাতি পাতি লৱণু মাগে।।

পদ।। যো কৰ-কমল ভকত ভয়হাৰী।
          সোহি কৰ পাতি মাগে লৱণু মুৰাৰি।।

          গোৱালী বোলয় নীচু নাচ গোপালা।
          তব তোই লৱণু দেৱব হামু ভালা।।

          লৱণু আশে লাসে গোৱিন্দ নাচে।
          কৰ ভৰি লৱণু গোৱিন্দক যাচে।।

          লৱণু খায়া নাচে কানাই।
          আনন্দে গোপিনী তাল বজাই।।

          যো হৰি এ তিনি ভুৱন অধিকাৰী।
          গোকুল মাজে সোহি লৱণু ভিখাৰী।।

          ভকতি অধীন হৰি দীন দয়াল।
          কহয় মাধৱ গতি বাল গোপাল।।  

Saturday, September 13, 2014

কল্পিত মাধৱ নয়ন জুৰায়

ৰাগঃ বেলোৱাৰ

ধ্ৰুং।। কল্পিত মাধৱ নয়ন জুৰায়।
          কটি চাপি উড়ুখল বন্ধন কায়।।

পদ।। আৰকত কৰতল মাজিত লোৰে।
          মন্দ ৰোদন কৰি নৱনীত চোৰে।।

          নৱনীত কণা শ্যাম অঙ্গে বিৰাজে।
          তৰকগণ যৈচে গগনকু মাজে।।

          যাহে চৰণ ৰেণু যোগী নপাই।
          ভকতি বলে তাকু বন্ধন কৰয়।।

          কহয় মাধৱ দাসে শুন মেৰি মাই।
          ওহি জগত গুৰু সুত কাহা পাই।।  

লৱণু চোৰা বুলি যশোৱা মাই

ৰাগঃ কানাৰা

ধ্ৰুং।। লৱণু চোৰা বুলি যশোৱা মাই।
          গো-কণ্ঠ পাশে বান্ধয় যদুৰাই।।

পদ।। পূৰ্ব্বাপৰ অন্ত নাহিক যাহাৰু।
          সোহি পৰম গুৰু জগত-আধাৰু।।

          বাহিৰ ভিতৰ যাকেৰি নাই।
          গোৱাৰী বান্ধে লৱণু-চোৰা পাই।।

          গাৱ সন্ধানে যশোৱা ৰজ্জু আনে।
          জোৰয় নাহি আঙ্গুল দুহু মানে।।

          পুনু পুনু ৰজ্জু-বিচাৰ কয় আনি।
          উদৰে মেৰাই বান্ধয় সতী টানি।।

          তবহু নোজোৰে আঙ্গুল দুহু-পাশে।
          পেখিয়ে গোপ ৰমণী সব হাসে।।

          হৰিকহু তত্ত্ব জানয়ে নাহি কোই।
          মাধৱ কহ গতি গোৱিন্দ মোই।।