ৰাগ: ভাটিয়ালী
ধ্ৰুং।। হৰি এ কৰুণাময়
মঞি পাপী কিনা কাম কৈলোঁ।
এ ভৱ সাগৰে মজি মৈলোঁ
অভয় চৰণে নাসেৱিলোঁ।।
পদ।। শৱ সম তনু আপোন মানিলোঁ।
তুমি আতমা হৰি তোমাক নজানিলোঁ।।
কিনা মঞি ছাৰ বৰ অগিয়ান।
তোমাক তেজিয়া কৈলোঁ ধনৰ ধিয়ান।।
মঞি বৰ পাপীৰ পুনু আগে।
দ্বিজ অজামিল কেবাগুণে লাগে।।
আৱৰ পাপীক কেবা গণে।
অধমেৰ মোৰ কি হৈব মৰণে।।
আপুনাৰে মঞি নাশিলোঁ আপুনে।
পতিত-পাৱন নাহি তুমি বিনে।।
আন কিছু মোৰ নাহিকে ভাৰসা।
কহয় মাধৱ মূঢ় মতি নাশা।।
No comments:
Post a Comment