Wednesday, March 5, 2014

ব্যৱসা কৰিয়ো ভাই ঘৰিৰ চৰণ ধন সাৰ

ৰাগ: ভাটিয়ালী

ধ্ৰুং।। ব্যৱসা কৰিয়ো ভাই ঘৰিৰ চৰণ ধন সাৰ।

          অৰুণ-চৰণ বিনে ধন নাহি আৰ।।

পদ।। ব্যৱসা কৰিতে পাইলা নৰ-তনু নাৱ।
          যাৱে নাই পচে নাৱ মাণিক বেসাৱ।।

          ৰত্নেৰ পাইলা দ্বীপ ভাৰতে আসিয়া।
          লৈয়ো ৰাম-নাম ভাই মাণিক বাছিয়া।।

          কৰিয়ো ব্যৱসা হৰি ভকতৰ কাছে।
          ৰাম নাম ৰত্নেৰ ভাণ্ডাৰ মেলি আছে।।

          যতন কৰিয়া লৈয়ো ভাই যাৰ যত লাগে।
          শীঘিৰ কৰিয়া ভাৱ ৰাম বৰা আট ভাগে।।

          সংসাৰ তৰিতে লাগে, নাৱে পচে ঘাটে।
          চলিতে নিকট ভৈল ভৰা দিয়ো ঝাণ্টে।।

          যি নৰ চতুৰ মুখে ৰাম নাম ধৰ।
          মূল ৰাখি লাভ কৰি ভৱ নদী তৰ।।

          ৰাম নাম লৈয়ো আন আশা কৰ দূৰ।
          মিছা দিয়া সঞ্চা লৈয়ো তেবেসে চতুৰ।।

          ৰাম নাম ৰত্নে ভৰা দিয়ো তনু নাৱ।
          হৰিগুণ গায় যমেৰ ঘাটি মাৰি যাৱ।।

          ভকতৰ ধন হৰি-নামে নৱ-নিধি।
          চাৰি বেদ বিচাৰিয়া কৈয়া আছে বিধি।।

          কহয় মাধৱ দাস দীন মতি হীনা।
          আন ধন অকাৰণ ৰাম-নাম বিনা।।

No comments:

Post a Comment