Friday, March 28, 2014

হৰি হাসি বংশী বায় বঙ্কিম নয়নে চায়

ৰাগঃ ধনশ্ৰী

ধ্ৰুং।। হৰি হাসি বংশী বায় বঙ্কিম নয়নে চায়।
          শিথিল গমনে ধায় ঝুৰয় নূপুৰ পায়।।

পদ।। ৰূপে ভুৱন মোহে গলে গজমাত লোহে।
          অলক তিলক শোহে বাছৰু চাৰিতে ৰোহে।।

          ইষৎ মধুৰ হাস শোহে তনু পীত বাস।
          কহয় মাধৱ দাস ছোড় প্ৰভু মোহ-পাশ।।

No comments:

Post a Comment