Wednesday, March 19, 2014

হৰি! তেৰি লীলা বিপৰীত

ৰাগ: ভাটিয়ালী

ধ্ৰুং।। হৰি! তেৰি লীলা বিপৰীত।
          সুমৰিতে হামাৰ আকুল কৰে চিত।।

পদ।। অনন্ত ব্ৰহ্মাণ্ড-পতি হইয়া আপুনে।
          ধৰিলা লৱণু-চোৰ নাম কিবা গুণে।।

          ব্ৰহ্মা হৰে আৰাধে যাহাৰ দুই পাৱে।
          সে তুমি লৱণু মাগা গোৱাৰীক ঠাৱে।।

          কাল মায়া কাম্পে যাৰ নাম সুমৰণে।
          যশোদাৰ ভয়ে তুমি কাম্পা কি কাৰণে।।

          যাৰ মায়া পাশে বন্দী সকল সংসাৰ।
          সে তুমি বন্ধন কেনে লৈলা যশোদাৰ।।

          যাৰ আজ্ঞা পালে চৰাচৰ নিৰন্তৰে।
          কেনে ধনু ৰাখা তুমি গোৱালীৰ ঘৰে।।

          গৰুড় বাহনে গতি সদায় যাহাৰ।
          সে তুমি গোপীক বহা ই কোন বিহাৰ।।

          জানিলোঁ কেৱলে তুমি ভকতিৰ বৈশ্য।
          সকল নিগমে প্ৰভু এ বড় ৰহস্য।।

          কহয় মাধৱ দাস কঠিন পামৰ।
          তোমাৰ দাসৰো দাস ভৈলো দামোদৰ।।

No comments:

Post a Comment