ৰাগঃ শ্ৰী
ধ্ৰুং।। গোধন সঙ্গে ধায় ৰঙ্গে পঞ্চম গায়।
ঝণকে মঞ্জীৰ পায় লহু লহু বেণু বায়।।
পদ।। তনু নৱ জলধৰ পীত অম্বৰ বৰ
মনোহৰ অধৰ সুহাই।
পীতধটি কটি মাজে ঝণকে কিঙ্কিণী বাজে
ৰাজীৱ লোচন কানাই।।
এ নদী যমুনা কূলে খেলাই কদম্ব মূলে
মন-মথ-মোহন মুৰাৰুৰে।
কহয় মাধৱ হৰি লীলা নৰ তনু ধৰি
ভকতি নিদান অৱতাৰুৰে।।
ধ্ৰুং।। গোধন সঙ্গে ধায় ৰঙ্গে পঞ্চম গায়।
ঝণকে মঞ্জীৰ পায় লহু লহু বেণু বায়।।
পদ।। তনু নৱ জলধৰ পীত অম্বৰ বৰ
মনোহৰ অধৰ সুহাই।
পীতধটি কটি মাজে ঝণকে কিঙ্কিণী বাজে
ৰাজীৱ লোচন কানাই।।
এ নদী যমুনা কূলে খেলাই কদম্ব মূলে
মন-মথ-মোহন মুৰাৰুৰে।
কহয় মাধৱ হৰি লীলা নৰ তনু ধৰি
ভকতি নিদান অৱতাৰুৰে।।
No comments:
Post a Comment