Saturday, March 22, 2014

হৰিৰ বংশীৰ ভাই শুনিয়ো কাৰণ

ৰাগঃ বৰাড়ী

ধ্ৰুং।। হৰিৰ বংশীৰ ভাই শুনিয়ো কাৰণ।
          যিহেতু বংশীৰ ৰৱে মোহে ত্ৰিভুৱন।।

পদ।। নিজে বংশী ভৈলা মূল প্ৰকৃতি প্ৰথম।
          সাত গুটি ৰন্ধ্ৰে সাত প্ৰকৃতি নিয়ম।।

          হৰিৰ অধৰে ফুঙ্কে পুৰুষ-চৈতন্য।
          জড়-বংশী প্ৰকৃতি কৰাৱে প্ৰৱৰ্ত্তন।।

          কোমল আঙ্গুলিচয় ৰন্ধ্ৰমধ্যে চালি।
          বহুৰসে বংশীটি বজান্ত বনমালী।।

          যিটো নিজ মায়া মোহি আছে চৰাচৰে।
          হৰিৰ বংশীয়ো ত্ৰিভুৱন মোহ কৰে।।

          এহি হেতু বংশী নিজ মায়া ভগৱন্ত।
          ত্ৰিভুৱন মোহি নিৰৱধি বজাৱন্ত।।

          মোহন বংশীৰ নিজ কৈলোঁ প্ৰয়োজন।
          কহয় মাধৱ মেৰি গতি নাৰায়ণ।।

No comments:

Post a Comment