ৰাগঃ বেলোৱাৰী
ধ্ৰুং।। দেখোৰে নয়ন ভৰি লোই।
পৰম পুৰুষ ৰাম ৰাজা হোই।।
পদ।। ৰতন সিংহাসনে ৰাজত ৰাম।
তদু সুকুমাৰ দুৰ্ব্বাদল-শ্যাম।।
ৰতন ভূষিত অঙ্গ উজোৰে।
পূৰ্ণচন্দ্ৰজ্যোতি ছত্ৰ উৱৰে।।
পাশ লাস শ্বেত চামৰ দোলে।
মিলিল মহোৎসৱ জয় ৰাম ৰোলে।।
চৌদিশে মঙ্গল বাজন বাজে।
কৌতুক ৰঙ্গ কৰত সব ৰাজে।।
সিদ্ধ মুনি শিৰে কুসুম বৰিষে।
চতুৰ-বয়নে স্তুতি বোলত হৰিষে।।
ৰামক চৰণ-কমল-মধু আশা।
কহত মূৰুখ মতি মাধৱ দাসা।।
ধ্ৰুং।। দেখোৰে নয়ন ভৰি লোই।
পৰম পুৰুষ ৰাম ৰাজা হোই।।
পদ।। ৰতন সিংহাসনে ৰাজত ৰাম।
তদু সুকুমাৰ দুৰ্ব্বাদল-শ্যাম।।
ৰতন ভূষিত অঙ্গ উজোৰে।
পূৰ্ণচন্দ্ৰজ্যোতি ছত্ৰ উৱৰে।।
পাশ লাস শ্বেত চামৰ দোলে।
মিলিল মহোৎসৱ জয় ৰাম ৰোলে।।
চৌদিশে মঙ্গল বাজন বাজে।
কৌতুক ৰঙ্গ কৰত সব ৰাজে।।
সিদ্ধ মুনি শিৰে কুসুম বৰিষে।
চতুৰ-বয়নে স্তুতি বোলত হৰিষে।।
ৰামক চৰণ-কমল-মধু আশা।
কহত মূৰুখ মতি মাধৱ দাসা।।
No comments:
Post a Comment