Friday, March 7, 2014

শুনলো পণ্ডিত। হৰি-পদ-সেৱা-ৰসে থিৰ কৰা চিত।।

ৰাগ: আশোৱাৰী

ধ্ৰুং।। শুনলো পণ্ডিত।
          হৰি-পদ-সেৱা-ৰসে থিৰ কৰা চিত।।

পদ।। অনন্ত নিগম-বন গহন অপাৰ।
          ভৈল ক্ষীণ বুদ্ধি অৰ্থ কৰিতে বিচাৰ।।

          তাৰে দেখি মনে দুঃখ লাগয়ে আমাৰ।
          কৰিয়ো সাদৰ ইটো উপদেশ সাৰ।।

          তিনিগুণময়-বেদ-বন পৰিহৰা।
          গোৱালীৰ হৰে গৈয়া ব্ৰহ্ম চিনি ধৰা।।

          উড়খলে যাৰে বান্ধি থৈয়া আছে টানি।
          সোহি বেদ-শিৰিৰত্ন-অৰ্থ ভজা জানি।।

          যদি হৰি অনন্ত ব্ৰহ্মাণ্ড অধিকাৰী।
          তথাপি ভক্তৰ বৈশ্য হোৱন্ত মুৰাৰি।।

          তাতেসে বন্ধন হৰি লৈলা যশোদাৰ।
          নিৰন্তৰে নিগমৰ এ তত্ত্ব-বিচাৰ।।

          যাৰ মায়া পাশে বন্দী ব্ৰহ্মা আদি কৰি।
          গোৱালীৰ হাতে বন্দী ভৈলা হেন হৰি।।

          ভকতি সমান বলী নাহি নাহি আৰ।
          কহয় মাধৱ গতি নন্দেৰ কুমাৰ।। 

No comments:

Post a Comment