ৰাগ: ভাটিয়ালী
ধ্ৰুং।। আলো ভাই গোকুলে আনন্দ জয় জয়।
মিলিছে পৰম মহোদয়।।
পদ।। যিটো নিগমৰ গুপ্ত-বিত্ত।
হেন হৰি গোকুলে বিদিত।।
শুনিতে কৌতুক অনুপাম।
ব্ৰহ্মেৰ বৰণ ঘন-শ্যাম।।
পৰমাত্মা যিটো লক্ষ্মীপতি।
হুৱা আছে গোপৰ সঙ্গতি।।
মিলিছে বৈকুণ্ঠ মহোৎসৱ।
সদায়ে আনন্দ হৰি-ৰৱ।।
গোকুলেৰ ভাগ্যেৰ মহিমা।
কেবা কৰি কৰিবেক সীমা।।
কহয় মাধৱ-মূঢ় মতি।
হৰি পাদ-পদ্মে মোৰ গতি।।
ধ্ৰুং।। আলো ভাই গোকুলে আনন্দ জয় জয়।
মিলিছে পৰম মহোদয়।।
পদ।। যিটো নিগমৰ গুপ্ত-বিত্ত।
হেন হৰি গোকুলে বিদিত।।
শুনিতে কৌতুক অনুপাম।
ব্ৰহ্মেৰ বৰণ ঘন-শ্যাম।।
পৰমাত্মা যিটো লক্ষ্মীপতি।
হুৱা আছে গোপৰ সঙ্গতি।।
মিলিছে বৈকুণ্ঠ মহোৎসৱ।
সদায়ে আনন্দ হৰি-ৰৱ।।
গোকুলেৰ ভাগ্যেৰ মহিমা।
কেবা কৰি কৰিবেক সীমা।।
কহয় মাধৱ-মূঢ় মতি।
হৰি পাদ-পদ্মে মোৰ গতি।।
No comments:
Post a Comment