Sunday, March 23, 2014

হৰি কমলাকান্ত কমলদল-লোচন বৰন সেবিত-সুৰ শিৱং

ৰাগঃ বৰাড়ী

ধ্ৰুং।। হৰি কমলাকান্ত কমলদল-লোচন বৰন সেবিত-সুৰ শিৱং।
          আদি পৰম-কাৰণ পৰমানন্দ পৰমপুৰুষ জগজীৱং।।

পদ।। মাধৱ মধুৰ মুৰুতি মধুসূদন দনুজ-দমন-বলশালী।
          কঙ্কণ-হাৰ-ৰঞ্জিত মণি কুণ্ডল পীত বসন বনমালী।।

          কুবলয় কংস কেশী মল্ল মোৰল অঘ বক ধেনুক নাশী।
          হৰিপদকমল-অমল-মকৰন্দ ৰস মাধৱ দীন অভিলাষী।।

No comments:

Post a Comment