Thursday, March 6, 2014

হৰি মোৰ এ দীন দয়াল।

ৰাগ: ভাটিয়ালী

ধ্ৰুং।। হৰি মোৰ এ দীন দয়াল।
          কে জানিতে পাৰয় তোহ্মাৰ ঠাকুৰাল।।

পদ।। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা।
          সোহি জন্মে জীৱৰ জনম দূৰ কৰা।।

          সহজে অকৰ্ত্তা কৰ্ম কৰা অপৰ্য্যন্ত।
          সোহি কৰ্ম্মে জীৱৰ কৰম কৰা অন্ত।।

          তুমি প্ৰভু নিৰ্গুণ গুণেৰ সীমা নাই।
          নিৰ্গুণ হোৱয় জীৱ সেহি গুণ গাই।।

          কহয় মাধৱ মেৰি ওহি আশা মনে।
          সহজ পীৰিতি মাগোঁ তোহ্মাৰ চৰণে।।

No comments:

Post a Comment