Monday, March 24, 2014

কানু ভাল মূৰুতি-মাধুৰী

ৰাগঃ শ্ৰী

ধ্ৰুং।। কানু ভাল মূৰুতি-মাধুৰী।
          একু সঙ্গে চুৰ কৰে বিধি চাতুৰী।।

পদ।। শ্যাম তনু শোহে চাৰু কাচ ঢল ঢল।
          দেখিয়া মুদ্ৰিত ভয়ে নীল উতপল।।

          গগনে অথিৰ চান্দ কানু মুখ দেখি।
          পঙ্কজ ৰহিল জলে নয়ন নিৰেখি।।

          পীত বসন শ্যাম শৰীৰ বিৰাজে।
          বিজুলী চঞ্চল ভয়ো নীলমেঘ মাজে।।

          সুবলিত ভুজ যুগ দেখি লাজ পায়া।
          পাতাল ভিতৰে ৰৈল বাসুকী লুকায়া।।

          ৰূপেৰ মাধুৰী ত্ৰিভুৱন শান্ত কৰে।
          অমৃত লুকাইয়া ৰৈল দুৰ্গম সাগৰে।।

          কানুৰ উপমা দিতে পাৰে কেবা জন।
          কহয় মাধৱ গতি নন্দেৰ নন্দন।।

No comments:

Post a Comment