ৰাগ: ধনশ্ৰী
ধ্ৰুং।। শঙ্খ-চক্ৰ-গদা-পঙ্কজ পাণি গৰুড়াসন বনমালী গোপাল।
পীতাম্বৰধৰ, শ্যামসুন্দৰ হৰি ভকতজনৰ ভয়হাৰী দয়াল।।
পদ।। পৰমানন্দ পৰম-পুৰোষোত্তম
পৰম কৰুণা-ৰস সিন্ধু গোপাল।
কমলাকান্ত কমল-দল লোচন
ভকতজনৰ নিজবন্ধু দয়াল।।
জগদানন্দ জগতজন জীৱন
যদুকুল-কুমুদিনী-ইন্দু গোপাল।
মাধৱ দাস-দীন মূৰুখ-মতি মাগয়
ভকতি-ৰতি এক বিন্দু দয়াল।।
No comments:
Post a Comment