Tuesday, March 18, 2014

যাদৱ! লীলা তোহাৰি

ৰাগঃ শ্ৰী

ধ্ৰুং।। যাদৱ! লীলা তোহাৰি।
          নিজ সুখ তেজি ভৈলা কেনে বিপিন-বিহাৰি।।

পদ।। গৰুড়েৰ স্কন্ধে যোঁহি চৰণ-বিৰাজে।
          সোহি পদে ফুৰা কেনে বিজু-বন মাজে।।

          প্ৰৱন্ধে চিন্তিয়া নপাৱয় যোগী যত।
          সোহি পদ শোহে পুতনাৰ হৃদয়ত।।

          লক্ষ্মীদেৱী সেৱে যাক সুকোমল হাতে।
          সোহি পদ বিৰাজয় কালি সৰ্প মাথে।।

          কোটি কোটি ব্ৰহ্মা হৰ যাঁহাৰ দুৱাৰে।
          সোহি মহেশ্বৰ কেনে বনে ধেনু চাৰে।।

          সকল নিগমগণে যাক নজানয়।
          গোৱাৰী যশোৱা কেনে তাঁহাক বান্ধয়।।

          বিপৰীত লীলা তেৰি জানন নযায়।
          কহয় মাধৱ হৰি গতি তুৱা পায়।।

No comments:

Post a Comment