Tuesday, March 4, 2014

কিৰিষি কৰ আলো মনাই হৰিচৰণ সেৱা পৰম সুখে

ৰাগ: ধনশ্ৰী

ধ্ৰুং।। কিৰিষি কৰ আলো মনাই হৰিচৰণ সেৱা পৰম সুখে।

          যতন কৰিয়া হৰিৰ নাম সদায় ভাবিয়ো মুখে।।

পদ।। অৰুণ বৰণ হৰিৰ চৰণ সদায় চিন্ত মনে।
          খৰে নামাৰে, বানে নেনে, ফলে ছনে বনে।।

          হেন কৰিষি তেজিয়া মনাই কোন কৰিষি কৰ।
          খৰে মাৰিব, বানে নিব, দুঃখ পায়া কেনে মৰ।।

          ভাল খেতখানি হৰিৰ চৰণ বতৰ বান্ধিয়া লৈয়ো।
          যেমনে বুলি তেমন হয় যতন কৰিয়া বৈয়ো।।

          হৰিৰ চৰণে যি শষ্য বুলি সকলে অবিনাশী।
          যত বুলি তত পাই ও বড় কৰিষি।।

          সব তেজিয়া লৈয়ো মনাই সন্তেৰ সঙ্গতি।
          তবেসে কিৰিষি ফলে কহয় মাধৱ মূৰুখ মতি।।

No comments:

Post a Comment