ৰাগঃ শ্যাম গোড়া
ধ্ৰুং।। সই! বনে বনমালী বেণু বজাৱত ধেনু চৰাৱত ৰঙ্গে।
শৰীৰৰ নিৰ্ম্মল ভুৱন উজ্জল কৈল কানু কালা অঙ্গে।।
পদ।। নয়ন কমল বয়ন উজ্জল
জিনি কোটি এক শশী।
সুৱলিত ভুজ দেখিয়া মৃণাল
ৰহিল পঙ্কক পশি।।
এমন সুচান্দ জুড়াৰ টালনি
দেখি নাহি কোনো কালে।
বঙ্কিম ললিত ভ্ৰূৱ সুৱলিত
দেখিয়া পৰাণ হালে।।
নটবৰ জিনি সুৰেশ সাজনি
ৰূপে কোটি কাম জিনে।
হৰিপদ কম- লৰ মধুকৰ
কহয় মাধৱ দীনে।।
ধ্ৰুং।। সই! বনে বনমালী বেণু বজাৱত ধেনু চৰাৱত ৰঙ্গে।
শৰীৰৰ নিৰ্ম্মল ভুৱন উজ্জল কৈল কানু কালা অঙ্গে।।
পদ।। নয়ন কমল বয়ন উজ্জল
জিনি কোটি এক শশী।
সুৱলিত ভুজ দেখিয়া মৃণাল
ৰহিল পঙ্কক পশি।।
এমন সুচান্দ জুড়াৰ টালনি
দেখি নাহি কোনো কালে।
বঙ্কিম ললিত ভ্ৰূৱ সুৱলিত
দেখিয়া পৰাণ হালে।।
নটবৰ জিনি সুৰেশ সাজনি
ৰূপে কোটি কাম জিনে।
হৰিপদ কম- লৰ মধুকৰ
কহয় মাধৱ দীনে।।
No comments:
Post a Comment