Thursday, March 6, 2014

হৰিপদ মোহোৰ পৰম-ধন

ৰাগ: আশোৱাৰী

ধ্ৰুং।। হৰিপদ মোহোৰ পৰম-ধন।
          তাহে কমন ৰহুঁ বিছুড়ি পামৰু মন।।

পদ।। হৰি-পদ-পঙ্কজ ভৱ-ভয় ভঞ্জনৰে।
          ভকত-জনৰ নিজধন মনো-ৰঞ্জনৰে।।
          
          অভয় চৰণ দুহোঁ সুৰাসুৰ-বন্দনৰে।
          এ তিনি ভুৱন-পতি গোপনন্দ-নন্দনৰে।।

          অসাৰ সংসাৰ সৱ ধন-জন-জীৱনৰে।
          কহত মাধৱ-দীন মন মেৰি নাৰায়ণৰে।।

No comments:

Post a Comment